হাইলাকান্দিত জব্দ বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীকহাইলাকান্দিত জব্দ বুজন পৰিমাণৰ গাঞ্জাসহ দুই সৰবৰাহকাৰীক

Share and Enjoy !

Shares

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষী অভিযান অব্যাহত আছে।অভিযানত জব্দ ৬৯ কিলোগ্ৰাম গাঞ্জাসহ আটক দুই যুৱক।হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফৰ যৌথ অভিযানত হাইলাকান্দি লক্ষীৰবন্দ বাইপাচৰ পৰা জব্দ কৰিছে সামগ্ৰীখিনি।

এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অৰ্ধ সামৰিক বাহিনীৰ ১৪৭ বেটেলিয়ান আৰু হাইলাকান্দি আৰক্ষীয়ে নাকা ছেকিং আৰম্ভ কৰিছিল আৰু নাকা চেকিঙত এখন ট্ৰাকৰ পৰা জব্দ কৰে ৬৯ কিলোগ্ৰাম গাঞ্জসহ দুই যুৱকক।
ধৃত দুই যুৱক দুজন আব্দুল মাঝাৰভুইয়া আৰু দিলোৱাৰ হুছেইন বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বাৰ হৈছে AS11DC 7855। বৰ্তমানে হাইলাকান্দি আৰক্ষীয়ে ধৃত দুই যুৱকক সোধপোছ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *