২৪ ঘণ্টা নহওঁতেই উদ্ধাৰ চুৰি হোৱা বিলাসী বাহন২৪ ঘণ্টা নহওঁতেই উদ্ধাৰ চুৰি হোৱা বিলাসী বাহন

Share and Enjoy !

Shares

বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা। চুৰি হোৱা বিলাসী বাহন ২৪ ঘণ্টা নহওতেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইহাটা আৰক্ষীয়ে।

শুক্ৰবাৰে নিশা এখন বিলাসী বাহনত তিনিজন চোৰ আহি চুৰি কৰি নিছিল বিলাসী স্কৰ্পিও বাহনখন । বাহন চুৰি কাৰ্যৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল CCTV কেমেৰাত । আৰক্ষীয়ে CCTV কেমেৰাৰ ভিজুৱেলৰ ওপৰত ভিত্তি কৰিয়েই চোৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপজ্যোতি পাটিৰিৰ নেতৃত্বত অভিযান চলা দলটোৱে ভবানীপুৰৰ আলী হুছেইন,বৰপেটা ৰোডৰ খলিল খান আৰু বঙ্গাইগাঁওৰ নুৰমহম্মদ খানক আটক কৰাৰ লগতে চুৰি হোৱা AS-32-B-9010 নম্বৰৰ স্কৰ্পিও বাহনখন উদ্ধাৰ কৰে। ইফালে আৰক্ষীয়ে চুৰি কাৰ্যত ব্যৱহাৰ কৰা AS-15-P-8184 নম্বৰৰ ডিজায়াৰ বাহন খন জব্দ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *