জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমে: ৰঙাপৰাত বন্যহস্তীৰ মুক্ত বিচৰনে এতিয়া চিন্তিত কৰি তুলিছে অঞ্চলবাসী ৰাইজক ৷ খাদ্যৰ সন্ধানত সন্ধিয়া বনাঞ্চলৰ পৰা ওলাই আহা জাক জাক বন্যহস্তীয়ে কৃষক ৰাইজৰ পকা ধাননি পথাৰৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি ক্ৰাসৰ সৃষ্টি কৰিছে তাণ্ডৱ ৷ এই দৃশ্য ৰঙাপৰা -বালিপৰা সংযোগী পথৰ ৰঙাপৰা মহাবিদ্যালয়ৰ সমীপৰ ৷ সন্ধিয়া সময়ত এনেদৰে প্ৰতিদিনে পাৰ হয় ঘাইপথ ৷ বন্যহস্তীৰ জাক সমুহ ঘাইপথ অতিক্ৰম কৰাৰ সময়ত পথৰ দুয়োকাষে আৱদ্ধ হৈ পৰে যানবাহন সমূহ ৷ বন্যহস্তীৰ জাকে দিনৰ ভাগত ধাননি পথাৰৰ ধান খায় তহিলং কৰি আহিছে । কেৱল সেয়াই নহয় নিশা ভাগতো ধাননি পথাৰত প্ৰৱেশ কৰে বন্যহস্তী । বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে গঞা ৰাইজে ৷ উল্লেখ্য যে আমাৰিবাৰী বন বিভাগৰ কৰ্মী সকলে বন্যহস্তীৰ জাক সমূহ পুণৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ এটা দুটা নহয় ৰঙাপৰাত প্ৰৱেশ কৰিছে বন্যহস্তীৰ কেইবাটাও জাক ৷ যাৰ বাবে চিন্তিত হৈ পৰিছে ৰঙাপৰা অঞ্চলবাসী ৰাইজ ৷
বিজনীত বনৰীয়া হাতীৰ মুক্ত বিচৰণ;বন্যহস্তীৰ উপদ্ৰৱত শংকিত অঞ্চলবাসী