ৰহা চকি নিবাসী প্ৰয়াত ৰবিন গগৈ আৰু ভাৰতী গগৈৰ সু সন্তান দেৱাশিষ গগৈ বেবেজিয়া ভুগেশ্বৰ হাজৰিকা মুকলি মঞ্চত Theworkout Zone(TWZ)Gym,Bebejia ৰ উদ্যোগত অনুষ্ঠিত Indian Body Builders Federation 53ND Nagaon district Bodybuilding championshipৰ ৬৫কেজি ৰ জুনিয়ৰ কেটেগেৰিত অংশ গ্ৰহন কৰি Mr.Nagaon পাবলৈ সক্ষম হৈ ৰহাৰ অঞ্চললৈ গৌৰৱ কঢিয়াই আনিলে। আজি ৰহা আঞ্চলিক ছাত্ৰ সন্থা ৰ সভাপতি সঞ্জয় কুমাৰ কাকতী আৰু ৰহা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ভাৰত বৰুৱা দেৱাশিষ গগৈৰ গৃহত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই উজ্বল ভবিষ্যতৰ কামনা কৰে।দেৱাশিষ খেলৰ লগতে পঢ়া শুনাতো মেধাবি আছিল আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন প্ৰাপ্ত হৈ ৰহালৈ গৌৰৱ কঢিয়াই আনিছিল ৷