মহানগৰী নুনমাটি থানাৰ অন্তৰ্গত নিজৰাপাৰত চাঞ্চল্যৰ ঘটনা।
ৰাজপথত এগৰাকী মহিলা আৰু স্বামীক আক্ৰমণ যুৱকৰ।
যুৱক কেইজন ক্ৰমে ৰমজান আলী, আব্দুল ৰছিদ আহমেদ, ছফিকুল আলী, ৰহ মতুল্লা আৰু ৰহিম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, যুৱককেইজনে মহিলা গৰাকী অনুৰাধাৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত ১ নং নিজৰা পাৰৰ বাটত আগচি বেলচাৰে প্ৰহাৰ কৰে।
সংকটজনক অৱস্থাত মহিলা গৰাকীক আৰু তেওঁৰ স্বামীক ভৰ্তি কৰা হৈছে গে’ট হাস্পতালত।
ৰাজপথত পেলাই থোৱা এটা বালিৰ দমক লৈ তৰ্ক হৈছিল যুৱক কেইজনৰ লগত মহিলা গৰাকীৰ আৰু তেওঁৰ স্বামীৰ।
ইয়াৰ পিছত কাজিয়াই চূডান্ত ৰূপ লোৱাত যুৱক কেইজনে এখন বেলচাৰে মহিলা গৰাকীক প্ৰহাৰ কৰে লগতে তেওঁৰ স্বামীকো প্ৰহাৰ কৰে।
পিছত মহিলা গৰাকীৰ কাপোৰ ফালি দিয়ে লগতে তেওঁৰ স্বামীক ৰছীৰে বান্ধি থয়।
অৱশেষত উকা কাগজত নিজৰ ভুল লিখি দিয়াৰ পিছত পাছ লম্পটে এৰি দিয়ে মহিলা সহ স্বামীক।
জানিব পৰা মতে আঘাতপ্ৰাপ্ত মহিলাগৰাকী চুবিনা খাতুন আৰু তেওঁৰ স্বামীৰ নাম ৰেকিব আহমেদ।