Share and Enjoy !

Shares

পুৱতি নিশাই শিৱসাগৰৰ ভটীয়াপাৰ ৰূপহীমুখত মৰ্মান্তিক দুৰ্ঘটনা। ডাম্পাৰ আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখী সংঘৰ্ষ হয়। সংঘৰ্ষত নিহত দম্পতী।

জানিব পৰা মতে, HR-39-2359 নম্বৰৰ ডাম্পাৰ আৰু AS-04AJ-3863 নম্বৰৰ চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত হয় বিপুল হাতীমূৰীয়া নামৰ লোকজন। আনফালে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক আঁকোৱালি লয় বিপুল হাতীমূৰীয়াৰ পত্নী নমিতা চেতিয়াই।

নিহত বিপুল হাতীমূৰীয়া আৰু নমিতা চেতিয়াৰ ঘৰ শিৱসাগৰ বেতবাৰী বাকচুত। দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বিপুল হাতীমূৰীয়া আৰু নমিতা চেতিয়াৰ দুবছৰীয়া সন্তানটি।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালক আৰোহী অৰুণজ্যোতি শীল। ভয়ংকৰ দুৰ্ঘটনাত চূৰমাৰ হৈ যায় ৪ আৰোহী গৈ থকা চাৰিচকীয়া বাহনখন। জানিব পৰা অনুসৰি নিহত বিপুল হাতীমূৰীয়া আগ ছিটত বহি গৈছিল আৰু মৃত নমিতা চেতিয়া আৰু দুবছৰীয়া সন্তানটি পিছৰ ছিটত বহিছিল। সন্তানটি মাকৰ কোলাত আছিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *