গুৱাহাটী ১৭ ডিচেম্বৰ:অসমীয়া জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা , জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ মহা প্ৰযানৰ পৱিত্ৰ তীৰ্থ ক্ষেত্ৰ যোৱা ৩০ বছৰ ধৰি পালন কৰি অহা মধুপুৰ মহোৎসৱ এইবাৰো অহা ২৪ আৰু ২৫ ডিচেম্বৰত বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে।মধুপুৰ মহোৎসৱ ২০২৫ উদযাপন সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতি যোগে মধুপুৰ মহোৎসৱৰ বিতং কাৰ্য্য সূচী ঘোষণা কৰিছে ।
ঘোষিত এই কাৰ্য সূচী অনুসৰি অহা২৪ ডিচেম্বৰত সাহিত্য চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত আৰু মধুপুৰ মহোৎসৱ উদযাপন সমিতিৰ সহযোগত এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হব ।শ্ৰী মদ ভাগৱতত ভক্তি আৰু মহাৰাজ নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ভক্তি সাহিত্য শীৰ্ষক বিষয়ৰ ওপৰত অনুষ্ঠিত হব লগীয়া এই আলোচনা চক্ৰ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্তৰ বাবুল চন্দ্ৰ দাসে আৰু মূখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ অমলেন্দু চক্ৰৱৰ্তীয়ে।অসম চৰকাৰৰ সাহিতিয়ক বঁটা প্ৰাপক কৰুণা কান্ত ৰায়ে সঞ্চালনা কৰিব লগীয়া এই আলোচনা চক্ৰত অসম আৰু উত্তৰ বংগৰ বিভিন্ন প্ৰান্তৰ কেবাগৰাকীও বিশিষ্ট চিন্তাবিদে উপস্থিত থাকিব।
সেই দিনা আমাৰ মাজৰ পৰা এক অস্বাভাৱিক ভাবে আঁতৰি যোৱা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ সত্ৰীয়া আৰু লোক সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হব।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত হব লগীয়া এই অনুষ্ঠানত বিশিষ্ট লোক শিল্পী অনুকূল ৰায়ৰ লগতে কেবাগৰাকীও শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ।এই বিশেষ অনুষ্ঠান উদ্বোধন কৰিব সংগীত অকাডেমি বঁটা প্ৰাপক গুণিন্দ্ৰ নাথ ওজাই।
২৫ ডিচেম্বৰৰ দ্বিতীয় দিনৰ কাৰ্য সূচী ৰাতি পুৱা ৮ বজাত ভাগৱত যাত্ৰা ৰে আৰম্ভ হব ।সেই দিনা ৰাতিপুৱা ৯ বজাত প্ৰসঙ্গ আৰু পাল নাম সমাৰোহ ,আবেলি ১ বজাত থিয় নাম সমাৰোহ আৰু আবেলি ২ বজাত মুকলি সভা আৰু স্মৰণিকা উন্মোচন অনুষ্ঠান অনুষ্ঠিত হব।মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সাহিত্য অকাডেমি অনুবাদ বঁটা প্ৰাপক অঞ্জন শৰ্মা।মূখ্য অতিথি হিচাপে ভাগ লব বৰলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
আনহাতে এই মুকলি সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা বি পি এফ দলৰ উপ সভাপতি প্ৰবীন বৰো। সন্ধিয়া ৫ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত বৰপেটা শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শিল্পী সকলে ৰাম বিজয় ভাওনা প্ৰদৰ্শন কৰিব ।
এই মহোৎসৱৰ সকলো কাৰ্য্য সূচীত উত্তৰ বংগৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু নাম ঘৰ সমূহৰ ভকত আৰু ৰাইজৰ লগতে অসমৰ বিভিন্ন সত্ৰ আৰু সকলো জনগোষ্ঠীৰ ৰাইজক উপস্থিত থাকিবলৈ মধুপুৰ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী,সাধাৰণ সম্পাদক কুমাৰ দীপক দাস আৰু মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতে আহ্বান জনাইছে।