Share and Enjoy !

Shares

লুইতৰ বুকুত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচীত অংশ গ্ৰহণৰ সুযোগ লাভ কৰিছে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ কৃতী ছাত্ৰী অৰ্পিতা দাসে লাভ কৰিছে এই সুযোগ।।

অহা ২১ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীত নিৰ্বাচিত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে উৎফুল্লিত কৃতী ছাত্ৰী অৰ্পিতা দাস। বিদ্যালয় খনৰ শিক্ষাগুৰু তথা উত্তৰ গুৱাহাটীবাসী। ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ বাবে প্ৰশ্ন সাজু কৰিছে অৰ্পিতাই ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠিত কৰিবলগীয়া “পৰীক্ষা পে চৰ্চা” শীৰ্ষক কাৰ্যসূচীটোত অৰ্পিতা দাসৰ লগতে অসমৰ ভিন্ন প্ৰান্তৰ মুঠ ২৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব। প্ৰধামন্ত্ৰীগৰাকীয়ে ভিন্ন প্ৰান্তৰ পৰা অহা এই সকল ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *