Share and Enjoy !

Shares

সোণাপুৰৰ কলেজগেটত ভয়ংকৰ পথ দুৰ্ঘটনা।ডাম্পাৰৰ খুন্দাত থিতাতে এজন নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন যুৱক। আহত যুৱকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

গুৱাহাটীৰ পৰা সোণাপুৰ অভিমুখী এখন কেটিএম বাইকক একে দিশেৰে আহি থকা এখন তীব্ৰবেগী ডাম্পাৰে পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে ফলত এই ভ‌য়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ডাম্পাৰখনে দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে সোণাপুৰ যান-বাহন আৰক্ষী। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই। মৃত যুৱক জনৰ পৰিচয়।

 

Leave a Reply

Your email address will not be published. Required fields are marked *