চাইবাৰ অপৰাধৰ লগত জড়িত মহিলাসহ দুজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ৷
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত শুকুৰবাৰে চলচলিত অভিযান চলাই এগৰাকী মহিলাসহ দুজন লোকক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধী দুজন ইছমিনা আহমেদ আৰু আছাদুল ইছলাম বুলি জানিব পৰা গৈছে।
অভিযুক্তৰ পৰা আৰক্ষীয়ে ৩৫৮ খন ছিমকাৰ্ড, ৮টা মোবাইল ফোন আৰু এটা লেপটপ জব্দ কৰে।
বহিঃৰাজ্যৰ লোকৰ সৈতে ধৃত লোককেইজনৰ সম্পৰ্ক থকাৰ কথা জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।
অধিক তথ্যৰ বাবে নগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।