Share and Enjoy !

Shares

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে ৷ গোৱালপাৰা জিলাৰ গ্ৰামাঞ্চলৰ সন্ত্ৰাসৰ অন্য নাম বন্যহস্তী৷

বিগত কেবামাহো ধৰি সন্ত্ৰাস চলাই আহিছে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত৷

দেওবাৰে পুৱা প্ৰায় ৫মান বজাত এটা বৃহৎ বনৰীয়া হাতীৰ জাকে দুধনৈ নিকটৱৰ্তী মোৱামাৰী গাঁৱত প্ৰবেশ কৰি অমৰ বসুমতাৰী আৰু মনিষা বসুমতাৰীৰ বাসগৃহ ভাঙি ধান চাউল খাই তহিলং কৰে৷

ভুক্তভোগী পৰিয়াল দুটাই সংবাদ মাধ্যমৰ আগত অসম চৰকাৰ আৰু বন বিভাগৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ গোৱালপাৰা জিলাৰ গ্ৰামাঞ্চলৰ ৰাইজক মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন বিজেপি চৰকাৰ তথা বনবিভাগে বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিব নোৱাৰাটো লজ্জ্বাজনক বুলিও মত পোষণ কৰে৷ অতি সোনকালে ক্ষতি পুৰণৰ দাবী জনাইছে ভুক্তভোগী পৰিয়ালে৷

Leave a Reply

Your email address will not be published. Required fields are marked *