দেওবাৰে বৰাগাঁও শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
শ্বহীদ স্মাৰকক্ষেত্ৰত উপস্থিত হৈ অসম আন্দোলনৰ জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।লগতে শ্বহীদ স্মাৰকক্ষেত্ৰ পৰিদৰ্শন কৰে। প্রধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ২০গৰাকী শিল্পীয়ে পৰিৱেশন কৰে সুধাকণ্ঠৰ অমৰ সৃষ্টি ‘শ্বহীদ প্ৰণামো তোমাক’ শীৰ্ষক গীতটি।
শ্বহীদ স্মাৰকক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীক আদৰণি জনাই ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা।