Share and Enjoy !

Shares

শনিবাৰে নিশা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ সামাজিক মাধ্যমত বিশেষ পোষ্ট। পামীয়ে সামাজিক মাধ্যমত লিখিছে – ‘সংযমী হৈ আছোঁ, দুৰ্বল নহয়’,‘‘এই কথাখিনি লিখিবলৈ বাধ্য হৈছোঁ। কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ। যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপাৰগ।’’

‘‘আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই, কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ’ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গাৰ্গে ন্যায় পাব।’’

‘‘গৰিমা গাৰ্গে চাৰ্জশ্বীটখনক লৈ সন্তুষ্ট হ’ল বুলি কেতিয়া ক’লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক আৰোপ কৰা ধাৰা আৰু উপ-ধাৰাকেইটা আমি ভাল পাইছোঁ। চাৰ্জশ্বীট আমি এতিয়ালৈকে পঢ়িবলৈয়ে পোৱা নাই, যেতিয়া Signature/Seal থকা ক’পী পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি-অসন্তুষ্টিৰ কথা নাই ইয়াত। SIT, মুখ্যমন্ত্ৰী আৰু মহামান্য ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিয়ে মানিছোঁ। নিজৰ স্থিতিত অটল আছোঁ।’’
গৰিমা শইকীয়া গাৰ্গে ছিংগাপুৰলৈ গৈ এজাহাৰ দাখিল কৰিব বুলি লাগে একাংশ লোকে দাবী কৰি আহিছে। সেই সন্দৰ্ভত পামীয়ে লিখিছে, ‘‘গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ গোচৰটো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে অনুসন্ধান কৰাইছে, অসমত আৰু ছিংগাপুৰতো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে অনুসন্ধান কৰোৱাই দ্বিমত সৃষ্টি কৰাই কিবা লাভ হ’ব নেকি? ছিংগাপুৰ পুলিচৰ তদন্তৰ প্ৰতিবেদন দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ তদন্তৰ পাছত যদি একেই থাকে তেতিয়া Justice for Zubeen Garg হ’ব নে Justice Denied হ’ব? Guarantee কোনে দিব?

য়টত থকা প্ৰবাসী অসমীয়াকেইজনৰ বিৰুদ্ধে ক্ষোভ উজাৰি পামীয়ে লিখিছে, ‘‘য়টত থকা ছিংগাপুৰৰ অসমীয়া কেইজন কোন Breedৰ মই বুজি নাপালো। SIT আৰু স্বয়ং মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ মতাৰ পাছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলাজনে অকল হাঁহিয়ে থাকিল মিডিয়াৰ আগত! জুবিন গাৰ্গৰ মৃত্যু কি তেওঁৰ কাৰণে হাস্যজনক? ইমান স্পৰ্ধা! য়টত থকা গোটেইকেইজন আদালতৰ কাঠগৰাত আহি আমাক সত্য কওক।’’ পামীয়ে লগতে লিখিছে, ‘‘The Court will decide who is guilty and who is not based on facts and evidences, অভিযুক্তসকলক ‘নিৰ্দোষী’ বুলি আগতেই অপপ্ৰচাৰ নচলাব।’’

তেওঁ লগতে লিখিছে, ‘‘জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়, যিকুৰা জুই যোৱা তিনিমাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে! আপোনালোকে নুবুজিব। কাৰণ আপোনালোকৰ জীৱন এতিয়া নৰ্মেলাইজড হৈ গৈছে, স্ফূৰ্তি কৰিছে, ৰীল বনাইছে, বদনাম গাইছে… কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ’ল এটা তাৰিখত! জুবিন গাৰ্গ অসমৰ কাৰণে আশীৰ্বাদস্বৰূপে আহিছিল, আমি ভাগ্যৱান! তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে, কিন্তু ৰাজনীতি কৰি নহয়। Justice for Zubeen Garg প্ৰকৃত অনুৰাগীসকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়।’’

Leave a Reply

Your email address will not be published. Required fields are marked *