ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ ৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰশাসন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়(Cattle Smuggling)।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ(Cattle Smuggling)।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী। ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান। বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
দেওবাৰে পুৱাৰ ভাগত গহপুৰ সমজিলাৰ বামুনগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। দেওবাৰে পুৱতি নিশা গৰু ভৰ্তি বাহনসহ গৰু চুৰ ধৰা পৰিল বামুনগাঁৱৰ ৰাইজৰ হাতত। গহপুৰ সমজিলাৰ পুৱ প্ৰান্তৰ ডিফলুসত্ৰৰ সমীপৰ বামুনগাঁৱত দেওবাৰে পুৱতি নিশা গৰু ভৰ্তি বলেৰো পিক আপ ভান সহ দুটা চোৰক স্থানীয় ৰাইজে হাতে লোতে ধৰিবলৈ সক্ষম হয়।
গৰু চুৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰা ক্ষোভিত ৰাইজে তিনিটাকৈ গৰু চোৰক আবদ্ধ কৰি উত্তম মধ্যম দিয়ে যদিও এটা চোৰ ঘটনা স্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ৰাইজৰ হাতত আবদ্ধ হোৱা গৰু চোৰ দুটাক আৰক্ষীৰ জিম্মালৈ নিবলৈ হাৱাজান আৰক্ষী চকীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ সময়ত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
ক্ষোভিত ৰাইজে গৰু ভৰ্তি বাহনখনৰ অনিষ্ট সাধন কৰাৰ লগতে আৰক্ষীয়ে গৰু চোৰক ৰক্ষণা বেক্ষন দিয়াৰ অভিযোগ তুলি আৰক্ষীৰ লগতো খণ্ডযুদ্ধত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হয়।