Share and Enjoy !

Shares

হাউলী ২১ ডিচেম্বৰ: অসমৰ সত্ৰ সমূহৰ অন্যতম উমৈহতীয়া ১১০ বছৰ গৰকা আৰু অসমৰ জাতীয় তথা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অসম সত্ৰ মহাসভাৰ যুৱ তীৰ্থ আৰু মহিলা তীৰ্থৰ বৰপেটা জিলা সমিতি দুখন ২১ ডিচেম্বৰত হাউলী মদন মোহন নামঘৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এখন সভাত গঠন কৰা হয়।

অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে এই উপলক্ষে ময়নবৰী সত্ৰৰ সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত মন্দিয়া নামঘৰৰ সত্ৰীয়া সেৱ কবীন পাঠকক সভাপতি আৰু হাউলী পৰভৰাল গোপাল আতা সত্ৰৰে একনিষ্ঠ সেৱক প্ৰীতম নাথক যুৱ তীৰ্থৰ সাধাৰণ সম্পাদক হিচাপে আৰু বিনীতা দাসক মহিলা তীৰ্থৰ সভানেত্ৰী হিচাপে লৈ বৰপেটা জিলা সমিতি দুখন গঠন কৰা হয।

পঞ্চাশ শতাধিক যুৱক আৰু মহিলাৰ উপস্থিতিত হোৱা এই সভাত অসম সত্ৰ মহাসভাৰ সাংগঠনিক সম্পাদক ধৰণীধৰ দাস আৰু বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক দিলীপ কুমাৰ মেধি উপস্থিত থাকি অসম সত্ৰ মহাসভাৰ লক্ষ্য আৰু উদ্দেশ্যৰ লগতে যুৱক আৰু মহিলা সকলে অসমৰ সত্ৰ সংস্কৃতিৰ উত্তৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া পদক্ষেপ সম্পৰ্কত বাখ্যা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *