পুনৰ ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰলৈ দুঃখবৰ। অসমৰ প্রবীণ অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান। ৮০ বছৰ বয়সত শেষ নিঃশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীয়ে দেওবাৰে নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিঃশ্বাস ত্যাগ অভিনেত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, ১৯৪৮ চনৰ ৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ চিৰিং চাপৰিত জন্মগ্ৰহণ কৰিছিল প্রবীণ অভিনেত্ৰী ৰঞ্জনা শৰ্মা বৰদলৈ। ৰঞ্জনা শৰ্মা বৰদলৈৰ পিতৃৰ আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃৰ অৰ্চনা বৰদলৈ।
প্ৰণিধানযোগ্য যে, প্রবীণ অভিনেত্ৰীগৰাকীয়ে প্রতিধ্বনি , ড০ বেজবৰুৱা, সোণতৰা, ককা দেউতা নাতি আৰু হাতী, মৰম তৃষ্ণাকে ধৰি বহুকেইখন ছবিত অভিনয়েৰে দৰ্শকক মুগ্ধ কৰিছিল তেওঁ। লগতে কেইবাখনো ভিচিডিত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।
তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যজুৰি।