ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে সন্ধানহীনৰ ঘটনা। এইবাৰ বস্ত্ৰনগৰী শুৱালকুছিৰ পৰা সন্ধানহীন এগৰাকী যুৱতী। সন্ধানহীন যুৱতীগৰাকীৰ ধৃতিৰেখা বৈশ্য বুলি জানিব পৰা গৈছে।।
জানিব পৰা মতে, ১৮ ডিচেম্বৰৰ পৰা সন্ধানহীন হৈ আছে যুৱতীগৰাকী। যুৱতীগৰাকী মেহেন্দী আৰ্টিছ বুলি জানিব পৰা গৈছে।
ঘটনা অনুসৰি, ১৮ ডিচেম্বৰৰ দিনা মেহেদি আঁকিবলৈ ঘৰৰ পৰা দিনৰ ভাগতে ওলাই গৈছিল যুৱতীগৰাকী। কিন্তু ঘৰৰ পৰা যোৱাৰ পাছৰে পৰা যুৱতীগৰাকীৰ মোবাইল ফোন অফ হৈ পৰে। ইপিনে এই বিষয়টো সন্দৰ্ভত শুৱালকুছি আৰক্ষী থানাক অৱগত কৰিছে পৰিয়ালৰ লোকে। কিন্তু বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই যুৱতীগৰাকীৰ।
যুৱতীগৰাকীৰ কোনো সম্ভেদ পালে 9101021167 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।