Share and Enjoy !

Shares

নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত মাজপোতনী আৰু মাজ উৰিয়াগাঁৱত বন্যহস্তী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ।

জানিব পৰা মতে, মঙলবাৰে নিশা বন্যহস্তীয়ে মাজপোতনীৰ কনক চন্দ্ৰ বৰাৰ ভৰাঁলগৃহ, খেৰগৃহ লণ্ডভণ্ড কৰাৰ লগতে ধান খাই তহিলং কৰে।।লগতে তামোল গছ, কলগছকে ধৰি বিভিন্ন গছ গছনিৰ বিস্তৰ ক্ষতি সাধন কৰে।

উক্ত নিশাই বন্যহস্তীয়ে মাজউৰিয়া গাঁৱৰ অৰূপ বৰাৰ বাসগৃহৰ পিছফালে থকা বাৰীৰ তামোল গছ, কলগছ ভাগি অনিষ্ট সাধন কৰে।

উল্লেখযোগ্য যে,ভুক্তভোগী পৰিয়ালসমূহে বন্যহস্তীয়ে আক্ৰমণ কৰাৰ বিষয়ে বনবিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগৰ লোক সময়মতে ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *