Share and Enjoy !

Shares

মাজুলীত বিজেপিৰ জনজাগৰণ সমদল।

বিজেপিৰ প্ৰতিবাদত কঁপিল সত্ৰভূমি মাজুলী।

মাজুলীত বিজেপিৰ উদ্যোগত বিশাল জনজাগৰণ সমদল।

গণতন্ত্ৰৰ প্ৰতি ভাবুকি আৰু দেশজুৰি চলা অৰাজকতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্যে এই সমদলৰ আয়োজন কৰে।

জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ পৰা আৰম্ভ হোৱা এই সমদলত হাজাৰ হাজাৰ দলীয় নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

হাতত দলীয় পতাকা আৰু শ্ল’গান দি সমদলকাৰীসকলে গণতন্ত্ৰ ৰক্ষাৰ দাবী জনায়।

প্ৰতিবাদস্থলীত উপস্থিত থাকে মাজুলী সমষ্টিৰ বিধায়ক ভূৱন গাম।

ইয়াৰ উপৰিও উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক বিতোপন দলে আৰু যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱা।

Leave a Reply

Your email address will not be published. Required fields are marked *