ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে।খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে।যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যত চলি থকা ভয়ংকৰ হাতী-মানুহৰ সংঘাতত ইজনৰ পিচত সিজন নিৰীহ লোকে প্ৰাণ হেৰুৱালগীয়া হৈছে।
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলা অঞ্চলৰ গোঁসাইঘাটত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন বৃদ্ধ ৷
জানিব পৰা মতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী গোসাইঘাটত আজি নিচেই পুৱা খুচীমোহন মণ্ডল (৭৭) নামৰ বয়োজেষ্ঠ ব্যক্তিজন শোৱাপাটীৰ পৰা উঠি প্ৰস্ৰাৱ কৰিবলৈ ঘৰৰ পিছফালে যোৱা সময়ত এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰে৷
বয়োজেষ্ঠ লোকজনৰ চিঞৰ শুনি তেওঁৰ পুত্ৰ গোকুল মণ্ডলৰ লগতে পৰিয়ালৰ লোকসকল ওলাই আহি চিঞৰ বাখৰ কৰা হাতীটো আতঁৰি যায়৷ ইয়াৰ পিছত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ৷