Share and Enjoy !

Shares

বাংলাদেশৰ ক্ষমতা মহম্মদ ইউনুছৰ হাতলৈ অহাৰ পিছৰে পৰাই ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে । শেহতীয়াকৈ এদল উন্মাদ যুৱকে অতি নৃশংসভাৱে হত্যা কৰিলে দিপু দাস নামৰ এজন হিন্দু যুৱকক । এই ঘটনা সংঘটিত হোৱাৰ পাছৰে পৰা ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে অসমত। ।

বাংলাদেশত এদল উন্মত্ত লোকে দিপু দাস নামৰ এজন যুৱকক নৃশংসভাৱে জীৱন্তে জ্বলাই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ।ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী।।

গুৱাহাটী মহানগৰীত বুধবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ মালিগাঁৱতো উলিওৱা হ’ল বিশাল প্ৰতিবাদী সমদল

বৃহত্তৰ পাণ্ডু-মালিগাঁও ৰাইজৰ উদ্যোগত উলিওৱা হয় এই সমদল।বাংলাদেশৰ পতাকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে

লগতে বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰিলে পৰিৱেশ। ৰাষ্ট্ৰখনৰ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছক সকিয়নী প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে

চুবুৰীয়া ৰাষ্ট্ৰখনত হিন্দুৰ ওপৰত কৰা নিৰ্যাতন কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য প্ৰতিবাদকাৰীৰ।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *