Share and Enjoy !

Shares

শ্ৰীভূমি জিলাত আটক ৮ গৰাকী অবৈধ বাংলাদেশীক বুধবাৰৰ পুৱাৰ ভাগত ৭ গৰাকী অবৈধ বাংলাদেশীক আটক কৰে লগতে। চহৰখনৰ কালীবাৰী ৰোডৰ পৰা আন এজন অবৈধ বাংলাদেশীক আটক কৰা হয়।

মঙলবাৰে নিশাৰ ভাগত কালীবাৰী ৰোড এলেকাত সন্দেহযুক্ত এগৰাকী বাংলাদেশী নাগৰিকক আটক কৰি গতাই দিয়ে আৰক্ষীক । আটক কৰা ব্যক্তিগৰাকী বাংলাদেশৰ জকিগঞ্জ এলেকাৰ কমৰুল ইছলাম বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে ।

সূত্ৰটোৱে জনোৱা অনুসৰি মঙলবাৰে বিয়লিৰ ভাগত চহৰখনৰ কালীবাৰী এলেকাত এজন লোকক সন্দেহজনকভাৱে ঘূৰি ফুৰা প্ৰত্যক্ষ কৰে কেইজনমান স্থানীয় যুৱকে । ইয়াৰ পিছতে কমৰুলক যুৱক কেইজনে সোধ পোচ কৰি পৰিচয় জনাৰ চেষ্টা কৰে । আচৰণত বিসংগতি দেখি এজন যুৱকে কমৰুলৰ তালাচী চলোৱাত পকেটৰ পৰা বাংলাদেশৰ নোট আৰু মুদ্ৰা উদ্ধাৰ হয় ।

আৰক্ষী তথা বিএছএফে বাংলাদেশী কেইজনক আটক কৰি তদন্ত আৰম্ভ কৰে।

সীমান্ত পথেৰে ভাৰতত প্ৰৱেশ কৰাৰ কথা এতিয়াও স্পষ্ট হোৱা নাই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰে আৰক্ষীয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *