Share and Enjoy !

Shares

আজি খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ধৰ্মীয় উৎসৱ বৰদিন। সেই উপলক্ষে বিশ্বজুৰি দেখা গৈছে ব্যাপক উছাহ -উদ্দীপনা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে প্ৰতিটো গীৰ্জাঘৰসমূহ।

আজিৰ দিনটোতে জেৰুজালেমৰ বেথেলহেমত এটি গোহালিত মাতৃ মেৰীৰ ঔৰসত দৈৱ আশীৰ্বাদত জন্ম গ্ৰহণ কৰিছিল যীশুৱে ।প্ৰায় ৬ খ্ৰীষ্টপূৰ্বৰ পৰা ৪ খ্ৰীষ্টপূৰ্বৰ মাজৰ কোনো এক সময়ত জন্ম লাভ কৰা যীশুক সমাজত প্ৰচলিত অসূয়া-অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ ঈশ্বৰে ধৰালৈ প্ৰেৰণ কৰিছিল। ঈশ্বৰৰ পৱিত্ৰ বাৰ্তা বিলোৱা যীশু অতি শীঘ্ৰেই সমগ্ৰ জেৰুজালেমত সকলোৰে বাবে হৈ পৰিছিল ঈশ্বৰৰ সন্তান।ঈশ্বৰৰ সেই সন্তানটিৰ জন্মদিনটো পৱিত্ৰ বৰদিন হিচাপে উদযাপন কৰা হয়।

কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবে বৰদিন এক সম্প্ৰীতিৰ উৎসৱ । চৌদিশে ৰং-বিৰঙৰ আলোকসজ্জ্বাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থান সমূহে লৈ ফুৰিছে এক আনন্দময় পৰিৱেশ ।যীশু খ্ৰীষ্টক প্ৰাৰ্থনা, কেৰল গোৱা ইত্যাদি বিভিন্ন পৰম্পৰাগত ৰীতি–নীতিৰে খ্ৰীষ্টানধৰ্মী লোকসকলে বৰদিন পালন কৰিছে। যীশুখ্ৰীষ্টৰ জন্মদিন উপলক্ষে পালন কৰা এই বৰদিনত চৌদিশে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *