ক্ৰমাৎ স্বাভাৱিক হোৱাৰ দিশে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি এখন দুখনকৈ খুলিছে দোকান-পোহাৰ, আৰম্ভ হৈছে বেপাৰ বাণিজ্য। খুলিছে পেট্ৰল পাম্প, আৰম্ভ হৈছে যাত্ৰীবাহী যান বাহনৰ চলাচল।
আজি পুৱা ৮ বজাৰ পৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত পুনৰ আৰম্ভ ইণ্টাৰনেট সেৱা। এক নিৰ্দেশনাযোগে এই কথা জনালে অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে।আজি কেএএচি ৰ চিইএম ড° তুলিৰাম ৰংহাং খেৰণী ফেলাংপীত যোৱা কেইদিন আগত সংগঠিত হোৱা ঘটনা নিজে পৰিদৰ্শন কৰি শান্তি-সমন্বয় বজাই ৰাখিবলৈ আহ্বান জনায় ৷