নিশা পৰ্বতঝোৰাৰ মদাতী বজাৰত বিধ্বংসী অগ্নিকাণ্ড। নিমিষতে জুইত ভস্মীভূত আঠখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান
ঘটনা সন্দৰ্ভত অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও ৰাস্তাত দলং ভঙা থকাৰ বাবে আহিব নোৱাৰিলে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন।
অৱশেষত স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট ছাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। আনহাতে কাজিগাওঁ আৰক্ষী বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।অগ্নিকাণ্ডৰ ফলত আনুমানিক প্ৰায় ৪০লাখ টকা ক্ষয় ক্ষতি হোৱাৰ ধাৰণা কৰা হৈছে।