ৰঙিয়াত জব্দ বৃহৎ পৰিমাণৰ নকল সোণসহ আটক তিনি ধৃত ব্যৱসায়ীক।
প্ৰায় ১ কেজি ৪০০ গ্ৰাম নকল সোণ জব্দ কৰে ৰঙিয়া আৰক্ষীয়ে।
ৰঙিয়াৰ তৰণীৰ ভাৰত ভূটান সংযোগী অন্তঃৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ কৰি থকা সময়তে উদ্ধাৰ কৰে ।নকল সোণখিনি।
তামুলপুৰৰ পৰাই কাৰ্বি আংললৈ AS-03-AK-7115 নম্বৰৰ ব’লেৰ বাহনত নিয়াৰ পৰিকল্পনা কৰিছিল সোণখিনি।
সৰবৰাহৰ লগত জঢ়িত ৩ গৰাকী লোকক আটক কৰাৰ উপৰিও জব্দ কৰে এখন ব’লেৰ বাহন ৰঙিয়া আৰক্ষীয়ে ।
ধৃত লোক কেইজন জয়পুৰৰ অভিষেক বাদায়া,বোকাজানৰ কল্পনেচ চৌধুৰী আৰু চন্তোস জৈন ।
বৰ্তমান ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।