মৰিগাঁও মালপুতা ৰাধাকৃষ্ণ মন্দিৰৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী মটৰচাইকেলে মহতিয়াই নিলে এজন যুৱকক।
যুৱক জন মালপুতাৰ লৱ বিশ্বাস বুলি জানিব পৰা গৈছে।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱক জনক মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী GMC হস্পিটেল লৈ প্ৰেৰণ কৰিছে।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দুৰ্ঘটনা সংঘটিত কৰা AS 21 P 3591 নম্বৰৰ Pulshar NS 200 মটৰচাইকেলখনৰ দুয়োজন আৰোহী কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে দুয়োজনেই সুৰামত্ত অৱস্থাত থকা জানিব পৰা গৈছে।