Share and Enjoy !

Shares

যোগীঘোপাৰ কাবাইটাৰী কাঠ বজাৰত বন বিভাগৰ বৃহৎ অভিযান। বঙাইগাঁও আই উপত্যকা সংমণ্ডলৰ ডি এফ ওই চলাইছে এই অভিযান। অভিযানত বৃহৎ পৰিমাণৰ কাঠ জব্দ কৰে বন বিভাগে।

জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় পাঁচ কোটি বুলি দাবী কৰিছে। অভয়াপুৰী সম জিলাৰ আয়ুক্তৰ উপস্থিতিত চলিছে এই অভিযান।

অভিযোগ মতে, একাংশ বন বিভাগৰ বিষয়াক মেনেজ কৰি বছৰ বছৰ ধৰি চলাই আহিছিল এই অবৈধ কাঠৰ ব্যৱসায় । কাবাইটাৰী সাপ্তাহিক বজাৰত একাংশ চোৰাং কাঠ মাফিয়াই গঢ়ি তুলিছিল অবৈধ কাঠৰ সমাজ্য। শাল, চেগুন,গমাৰি আদিকে ধৰি বহু মুল্যবান কাঠ মুজুত কৰি ৰাখিছিল বজাৰখনত।

জব্দকৃত কাঠ খিনি ডাম্পাৰ, ট্ৰাকৰ সহায়ত বজাৰৰ পৰা বন বিষয়াৰ কাৰ্যালয়লৈ স্থানান্তৰিত কৰা হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *