Share and Enjoy !

Shares

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। পুৱাৰে পৰা মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। ধূপ-দীপ-নৈবদ্যৰে নতুন বছৰটো সুন্দৰকৈ পাৰ হৈ যোৱাৰ বাবে প্ৰাৰ্থনা কৰিছে সকলোৱে। বিগত বৰ্ষৰ প্ৰতিটো ঘাট-প্ৰতিঘাট পৰিহাৰ কৰি নতুন বছৰত নতুন সংকল্প লৈ আগুৱাই যোৱাত মন বান্ধিছে এতিয়া প্ৰতিজনে।

ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিনটোতে পুৱাই তেজপুৰৰ বিভিন্ন মন্দিৰ ,দেৱালয় ,নামঘৰ ,গীৰ্জা ,মছজিদ আদিত জনসাধাৰণৰ ভীৰ পৰিলক্ষিত হয় ।

তেজপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী মহাভৈৰৱ দেৱালয় ,ভৈৰৱী দেৱালয় ,গণেশ মন্দিৰ আদিত পুৱাই বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে ধূপ চাকি নৈবেদ্য আগবঢ়াই আগন্তুক বৰ্ষটো সুন্দৰ আৰু সফল হোৱা কামনাৰ লগতে পৰিয়ালৰ সকলোৰে মংগল কামনা কৰি ,দেশ -জাতিৰ কল্যাণ আৰু বিকাশ কামনা কৰে।

উল্লেখ্য যে, পাৰ হৈ যোৱা বৰ্ষটো এক বেদনাগধুৰ বৰ্ষ হিচাপে ৰাজ্যবাসীয়ে পাৰ কৰিব লগা হৈছিল প্ৰিয় শিল্পী জুবিন গাৰ্গকে ধৰি বহুকেইগৰাকী শিল্পী-সাধকক অকালতে হেৰুৱাই ।সেয়েহে আগন্তুক ২০২৬ বৰ্ষটো যাতে সকলোৰে বাবে মংগলময় হয় তাৰ কামনা কৰে আজি পুৱাই এগছি বন্তি জ্বলাবলৈ মন্দিৰলৈ ওলাই অহা ৰাইজে।

এক পবিত্ৰ মনলৈ পুৱাই আজি তেজপুৰৰ মহাভৈৰৱ দেৱালয় ,ভৈৰৱী দেৱালয়কে ধৰি জনসাধাৰণৰ ভীৰ পৰিলক্ষিত হয় ।আবাল বৃদ্ধ বনিতাৰ সমাগত পুৱাই মন্দিৰত ভীৰ পৰিলক্ষিত হোৱাৰ মাজতে শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়ত অগ্নিগড় নিউজৰ আগত আগন্তুক বৰ্ষটোৰ বাবে সকলোকে শুভ কামনা জনাই শোণিতপুৰ জিলাৰ তদানীন্তন অতিৰিক্ত জিলা আয়ুক্ত তথা বৰ্তমানৰ যোৰহাট জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত পংকজ বৰাই।

 

Leave a Reply

Your email address will not be published. Required fields are marked *