আজি নৱবৰ্ষৰ প্ৰথমটো দিনটোতে জনতাৰ ওপৰত মাধমাৰ। দেশজুৰি বৃদ্ধি গেছ চিলিণ্ডাৰৰ দাম।
আই অ’ চি এলৰ তথ্য অনুসৰি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে।
উল্লেখ্য যে, দিল্লী, কলকাতা, আৰু মুম্বাইত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পাইছে। ইয়াৰ পাছতে আন তিনিখন মহানগৰত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ক্ৰমে ১,৬৯১.৫০ টকা, ১,৭৯৫ টকা আৰু ১,৬৪২.৫০ টকালৈ বৃদ্ধি পাইছে। চেন্নাইত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১,৮৪৯.৫০ টকা হৈছে। একেদৰে গুৱাহাটীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১১১ টকা বৃদ্ধি পায় ১,৮৮৬,৫০ টকা হৈছে।