Share and Enjoy !

Shares

ডিব্ৰুগড়ৰ বকপৰা নিৱাসী অসমৰ আগশাৰীৰ ভাস্কৰ্য শিল্পী যদুমণি গগৈৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ মূৰ্তি ।

প্ৰায় ৩ মাহ ধৰি একেৰাহে কৰা অশেষ পৰিশ্ৰমৰ অন্তত যদুমণি গগৈয়ে জীৱন্ত ৰূপত নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে প্ৰাণৰ শিল্পীগৰাকীৰ এই পূৰ্ণাংগ ভাস্কৰ্য । প্ৰায় ৭.৫০ ফুট উচ্চতাৰ এই মূৰ্তিটোৱে ইতিমধ্যে অসমৰ শিল্পী সমাজৰ লগতে অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে । নিপুণ ভাস্কৰ্য কৰ্ম, মুখাবয়বৰ সঠিক উপস্থাপন আৰু জীৱন্ত ৰূপায়ণৰে আবক্ষ মূৰ্তি অতি আকৰ্ষণীয় হৈ উঠিছে বুলি সকলোৱে প্ৰশংসা কৰিছে ।

উল্লেখ্য যে, ডিব্ৰুগড় বকপৰাৰ যদুমণি গগৈৱে ২০০০ চনৰ পৰা নিজৰ গৃহতে আৰম্ভ কৰি অব্যাহত ৰাখিছে ভাস্কৰ্য শিল্পৰ সাধনা ।

জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভাৰ পৰা ৰাজীৱ শদিয়ালৈকে, ৰাম-লক্ষ্মণৰ পৰা বিভিন্ন যোদ্ধাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি চৰ্চিত হৈছে ডিব্ৰুগড়ৰ যদুমণি গগৈ । জুবিন গাৰ্গৰ আবক্ষ মূৰ্তিও ফাইবাৰ গ্লাছ আৰু কিছু দ্ৰব্য মিশ্ৰণ কৰি নিৰ্মাণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিছে ।

নিপুণ ভাস্কৰ্য কৰ্মৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক জীৱন্ত ৰূপ দিয়া ভাস্কৰ্য শিল্পী যদুমণি গগৈয়ে কয়, “৩ মাহ ধৰি জুবিন দাৰ মূৰ্তিটোৰ কাম আমি কৰি আহিছিলোঁ । আমি বহু কষ্ট কৰাৰ পাছতো মুখখন সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ । কিন্তু দেহৰ বাকী অংশ সম্পূৰ্ণ কৰিব পাৰিছোঁ বুলি ভাবিছোঁ । জুবিন গাৰ্গৰ হাঁহি থকা এটা ভংগিমা দিবলৈ চেষ্টা কৰিছিলোঁ যদিও সফল হ’ব পৰা নাছিলোঁ । পাছত আকৌ নতুন ভংগিমাৰে নতুন এটা মূৰ্তি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ । তাত আমি যথেষ্ট সফল হৈছোঁ বুলি মানুহে কৈছে “

Leave a Reply

Your email address will not be published. Required fields are marked *