Share and Enjoy !

Shares

যিসময়ত সমগ্ৰ ভাৰতবৰ্ষত তথা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্ৰদায়িক বিষবাষ্পই ছানি ধৰিছে, ধৰ্মৰ নামত কটা-মৰা কৰিছে, সাতামপুৰুষীয়া একতাৰ এনাজৰীৰৰ ছিঙো ছিঙো অৱস্থা হৈছে তেনে সময়তো সম্প্ৰীতিৰ উজ্জল নিদৰ্শন দাঙি ধৰিছে বহুজনে। “শংকৰ-আজানৰ দেশ” এই বাণীক সাৰ্থক কৰাৰ বাবে এতিয়াও চেষ্টা অব্যাহত ৰাখিছে একাংশই।

অসমত পুনৰ দেখা গ’ল সম্প্ৰীতিৰ অনন্য নিদৰ্শন। হিন্দু ব্যক্তিৰ নশ্বৰ দেহ সৎকাৰ কৰিলে ইছলাম ধৰ্মী লোকে। হাজোত জীয়াই আছে ভাতৃত্ববোধ,জীয়াই আছে হিন্দু-মুছলমানৰ একতা। তাৰেই প্ৰমাণ পুনৰ দাঙি ধৰিলে হাজোবাসীয়ে

তীৰ্থ নগৰী হাজোত। ৯০ শতাংশ ইছলাম ধৰ্মৰ লোকে বাস কৰা কোৱাপুৰত বাস কৰিছিল মাত্ৰ তিনি ঘৰ হিন্দু ধৰ্মৰ লোক।

কোৱাপুৰৰ বিশিষ্ট সমাজকর্মী সুৰেন দাসৰ নিশা বাৰ্ধক্য জনীত ৰোগত মৃত্যু হয়। ইপিনে মৃত্যুৰ খবৰ বিয়পি পৰাত পুৱা প্ৰয়াত সুৰেন দাসৰ বাসগৃহত ভিৰ কৰে শ শ ইছলাম ধৰ্মী লোকে। লোকজনৰ মৃত্যুৰ পাছত তেখেতৰ সৎকাৰ কৰিবলৈ ওলাই আহিল ইছলাম ধৰ্মৰ লোকসকল।

দুই পুত্ৰৰ সহযোগত হিন্দু ধর্মৰ নিয়ম–নীতিৰ মাজৰে ইছলাম ধৰ্মৰ লোক সকলে ছিটাত তুলি দিলে প্ৰয়াত সুৰেন দাসক। অতীজৰ পৰা সম্প্ৰীতিৰ নিদৰ্শন বহন কৰি অহা তীৰ্থ নগৰী হাজোত আজিও অব্যাহত আছে হিন্দু মুছলমানৰ ভাতৃত্বৰ এই এনাজৰী।

 

Leave a Reply

Your email address will not be published. Required fields are marked *