নিশা অবৈধ জুৱা খেলি থকাৰ মাজতে লগৰীয়াৰ লগত মাৰপিট; পুৱা ফুটপাথৰ ওপৰত উদ্ধাৰ মৃতদেহনিশা অবৈধ জুৱা খেলি থকাৰ মাজতে লগৰীয়াৰ লগত মাৰপিট; পুৱা ফুটপাথৰ ওপৰত উদ্ধাৰ মৃতদেহ

Share and Enjoy !

Shares

ডিগবৈত উদ্ধাৰ যুৱকৰ মৃতদেহ। ডিগবৈ থানাৰ অন্তৰ্গত ১নং গোলাইৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মঙলবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ নিৰ্মাণ কৰা ফুটপাথৰ ওপৰত স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।

লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰে।।

ন্যায়াধীশ মাধুৰ্য্য ফুকনৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

উদ্ধাৰ হোৱা মৃতদেহটো ঘটনাস্থলীৰ সমীপৰ বিজয় মাল্লা বুলি চিনাক্ত কৰা হৈছে ।

জানিব পৰা মতে, নিশা অবৈধ জুৱা খেলি থাকোতে লগৰ কেইজনৰ লগত মাৰপিটত লিপ্ত হয়। মাৰপিটৰ মাজতে যুৱকজনক হত্যাৰ কৰাৰ সন্দেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *