Share and Enjoy !

Shares

চিৰাঙৰ বিজনীৰ বৰলাউগাঁৱৰ দেংফাখ্ৰী পথাৰত উখল মাখল পৰিৱেশ। এই বৰলাউগাঁৱৰ দেংফাখ্ৰী পথাৰত শুভাৰম্ভ হল বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিবেশন।।আজিৰে পৰা তিনিদিনীকৈ আৰম্ভ বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিবেশন।।

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ প্ৰথম কাৰ্য্যসূচীত মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ উদ্বোধন কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰীয়ে। উদ্বোধনী কাৰ্য্যসূচীত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া সকলৰ উপৰি সাহিত্য প্ৰেমী ৰাইজ উপস্থিত থাকে। পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ মুকলি কৰে চিৰাঙৰ আয়ুক্ত যতীন বৰাই। ইয়াৰ পিছতে ক্ৰয় লক্ষেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য ষ্টেজ , জয় কুমাৰ ব্ৰহ্ম সোঁৱৰণী প্ৰতিনিধি হল , মোহিনী বসুমতাৰী সোঁৱৰণী প্ৰদৰ্শনী মুকলি কৰা হয়।

ইয়াৰ পিছতে বড়ো সাহিত্য সভা অধিবেশনৰ মূল মঞ্চত অনুষ্ঠিত হয় কবি সন্মিলন, যি কবি সন্মিলনত কণিষ্ঠ, প্ৰৱীণ সাহিত্যিক সকলে অংশগ্ৰহণ কৰে । তাৰ পিছতেই “সপোনৰ পৰা গন্তব্যস্থানলৈ : প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল” শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

এই কেন্দ্ৰীয় অধিৱেশনত প্ৰদৰ্শনীস্থলীত বিভিন্ন ভাষাৰ কিতাপৰ দোকানসহ প্ৰায় ৫০০ ষ্ট’লৰ লগতে জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ উপৰি হস্ততাঁত বস্ত্ৰৰ বিক্ৰীৰ ব্যবস্থা কৰা হৈছে। ইয়াৰ উপৰিও অধিৱেশনস্থলীত বড়ো জনগোষ্ঠীৰ সাহিত্য, ধৰ্মীয় ৰীতি-নীতি কৃষ্টি সংস্কৃতি প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ লগতে বাণিজ্য মেলা অনুষ্ঠিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *