Share and Enjoy !

Shares

দেওবাৰে উত্তৰ গুৱাহাটীৰ ৰংমহলত স্থাপন কৰা হয় সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত

ন্যায়াধীশ সূৰ্যকান্তে নাৰিকল ভাঙি সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলাৰ শুভাৰম্ভণি কৰে।।

অসমবাসীৰ তৰফৰ পৰা দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক স্বাগত জনাই মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী ন্যায়াধীশক স্বাগতম মুখ্যমন্ত্ৰীৰ।

ন্যায়িক আদালত চৌহদৰ আধাৰশিলাৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ অসমবাসীৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন। জন্মলগ্নৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ে দি অহা চহকী অৱদানক অসমবাসীয়ে সুঁৱৰিব৷ মোৰ ‘প্ৰফেছনেল’ জীৱন গুৱাহাটী উচ্চ ন্যায়ালয়তে আৰম্ভ কৰিছিলোঁ৷ প্ৰায় এটা দশক মই গুৱাহাটী উচ্চ ন্যায়ালয়ত কাম কৰিছিলোঁ।’’

নাৰেংগী-কুৰুৱা দলং আৰু গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ পাছত ৰংমহলৰ মাটিৰ দাম বৃদ্ধি পাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।কয়, ‘‘৩১টা কোৰ্ট ৰূম থাকিব নতুন ভৱনত, য’ত অধিবক্তাসকলে কোৰ্ট ৰূমত বহি গোচৰৰ শুনানি চাব পাৰিব৷ ৩০০ চেম্বাৰ, ২ হাজাৰ অধিবক্তা বহিব পৰা গ্ৰন্থাগাৰৰ ব্যৱস্থা থাকিব৷ ৬৫খন আদালত আৰু ন্যায়াধিকৰণ সন্নিবিষ্ট কৰা হ’ব। জিলা ন্যায়িক আদালতৰ বাবে ২ হাজাৰ অধিবক্তা বহিব পৰা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব।’’

 

Leave a Reply

Your email address will not be published. Required fields are marked *