গৌৰীপুৰত দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা।
কেমেৰাত বন্দী মাৰপিটৰ সমগ্ৰ দৃশ্য।
মাৰপিটত কেবাজনো লোক আহত,আহত লোককেইজন বৰ্তমান কোচবিহাৰৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছে ।
জানিব পৰা মতে, সংচেৰ আলী নামৰ যুৱকজনে তাৰ ঘৰৰ সমুখৰ পথাৰত হাল মাৰিব গৈছিল। হাল মাৰি থকা অৱস্থাত হঠাৎ ঝালেৰআলগা দ্বিতীয় খণ্ড গাঁওৰ কেইবাজনো যুৱকে আহি সংচেৰ আলী নামৰ যুৱক জনক মাৰপিট কৰে। যুৱক জনক মাৰপিট কৰা দেখা পাই পৰিয়ালৰ লোকে যুৱক জনক মাৰপিটৰ পৰা বচাবলৈ আহে। অহাৰ লগে লগে একেখন গাঁৱৰ যুৱক কেইজনে চাহিদা বিবিৰ পৰিয়ালৰ লোকক লাঠি,বাঁহ,
লোৰ পাইপেৰে,মাৰপিট কৰে। ফলত গুৰুতৰভাৱে আহত সংচেৰ আলীৰ পৰিয়ালৰ কেইবাজন।
খলিল সেখ, জহিৰুল সেখ,জহিৰুদ্দিন সেখ, জাহিৰুল সেখ,জাহেৰা বিবি, হাইজুৰ আলী, হাফিজুৰ সেখ, ইব্ৰাহিম সেখ, শ্বহীদ আলী,গাতু সেখ বিৰুদ্ধে মাৰপিট কৰাৰ অভিযোগ।
বৰ্তমান গৌৰীপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে।