আজিৰে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চতুৰ্থ শুনানি জিলা সত্ৰ ন্যায়াধীশৰ আদালতত সম্পন্ন হৈছে। আদালতে গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ২২ জানুৱাৰী ধাৰ্য কৰিছে।
আজিৰ শুনানিত অভিযুক্ত ভাৰ্ছুৱেলী অংশগ্ৰহণ কৰে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত, শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষীও ভাৰ্ছুৱেলীভাবে অংশগ্ৰহণ কৰে।
আদালতত উপস্থিত আছিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তদন্তকাৰী বিষয়া মৰমী দাস, অমৃতপ্ৰভা মহন্তৰ অধিবক্তা আৰু লোক অধিবক্তা জীয়াউল কামাৰ। চৰকাৰী পক্ষৰ ৫জন অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰে।
ইফালে, অমৃতপ্ৰভা মহন্তৰ জামিন আবেদনৰ শুনানি শনিবাৰে হোৱাৰ কথা আছিল, কিন্তু আদালতে সেই শুনানি ২২ জানুৱাৰীলৈ স্থগিত ৰাখে। এতিয়া চৰ্চা চলিছে যে সেই দিনত অমৃতপ্ৰভা মহন্ত জামিন লাভ কৰিব নেকি।
শুনানি সম্পূৰ্ণ ভাৰ্ছুৱেলী প্ৰক্ৰিয়াত অনুষ্ঠিত হয়, য’ত অভিযুক্ত আৰু সংশ্লিষ্ট পক্ষ সকলে অংশগ্ৰহণ কৰে। গোচৰটোৰ অগ্ৰগতি আৰু আদালতৰ পৰৱৰ্তী সিদ্ধান্তই এই মৃত্যুৰ গোচৰক লৈ নাগৰিকৰ মাজত বেছি গুৰুত্ব লাভ কৰিছে।