Share and Enjoy !

Shares

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন আজি কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ৷ প্ৰায় ডেৰ লক্ষাধিক লোকৰ সমাগম হয় প্ৰধানমন্ত্ৰীৰ সভাত।ইপিনে প্ৰধানমন্ত্ৰীগৰাকীক ওচৰৰ পৰা স্ব-চক্ষে প্ৰধানমন্ত্ৰীগৰাকীক চাবলৈ উপস্থিত হৈছে ৰাইজ। উজনি-নামনিৰ পৰা আহিছে বহু লোক।

এই বিশাল জনসমাৱেশত প্ৰধানমন্ত্ৰীগৰাকীয়ে সুধাকণ্ঠৰ গীত আওৰাই ভাষণ আৰম্ভ কৰে। অসমীয়াতে উপস্থিত ৰাইজক আন্তৰিক প্ৰণাম জনাই।প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয়- “৬৯৫৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব কাজিৰঙা এনিমেল কৰ্ডিনেটৰ। কাজিৰঙা নৈশ যাপন কৰি কাজিৰঙাৰ জীৱ-জন্তুক ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আনন্দিত হৈছো।। অসম বীৰ যোদ্ধাৰ দেশ। ইমান সুন্দৰকৈ বাগুৰুম্বা প্ৰত্যক্ষ কৰি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰে কিয়নো অতি কষ্ট কৰি ইমান সুন্দৰকৈ নৃত্য পৰিদৰ্শন কৰিছে যিয়ে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে। যোৱা বৰ্ষত ঝুমুইৰ নৃত্যত অংশগ্ৰহণ কৰিছিলোঁ, এইবাৰ বাগুৰুম্বাত অংশগ্ৰহণ কৰিলোঁ। যোৱা বৰ্ষত নামৰূপ সাৰ খাৰখানা মুকলি কৰিলোঁ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ নতুন ভৱন মুকলি কৰিলোঁ বুলি তেওঁ কয়।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- অসমৰ ইতিহাসত কলিয়াবৰ ঐতিহাসিক স্থান হিচাপে পৰিগণিত হৈছে। ইয়াৰ পৰাই লাচিত বৰফুকনে মোগল সম্ৰাটক খেদিবলৈ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল। এই কলিয়াৰৰ পৰাই কাজিৰঙাৰ সোমোৱাৰ পৰিবেশ দুৱাৰ আৰম্ভ হৈছে, সেয়ে কলিয়াবৰৰ মহত্ব বিজেপি চৰকাৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

উল্লেখ্য যে, শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ৷ গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত সন্ধিয়া উপস্থিত হোৱাৰ পাছত তেওঁ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত উপস্থিত হয় আৰু অসম চৰকাৰে আয়োজন কৰা ‘বাগুৰুম্বা দহৌ’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত ৰাজ্যৰ দহ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বাগুৰুম্বা নৃত্য উপভোগ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *