Share and Enjoy !

Shares

কাইলৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।বিদ্যা,জ্ঞান আৰু শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ(Saraswati Puja 2026)।

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।কাইলৈ দিনটোত শিক্ষা্ৰ্থীসকলে জ্ঞান দেৱী, বীণাপানীক পূজা-অৰ্চনা কৰে। দেৱীক পূজা নকৰালৈকে শিক্ষাৰ্থীসকলে উপবাসে থাকে।দেৱীক পূজা-অৰ্চনা কৰিহে মাহ-প্ৰসাদ গ্ৰহণ কৰে সকলোৱে।

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বাগদেৱীক আদৰিবলৈ এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। বিদ্যালয়, মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানসমূহত দেখা গৈছে উৎসৱমুখৰ পৰিৱেশ। সৰস্বতী পূজাৰ বাবে প্ৰয়োজনীয় কাম কাজত ব্যস্ত ছাত্ৰ-ছাত্ৰীসকল। এই দিনটোৰ বাবে অতি আনন্দৰে বাট চাই ৰয় ছাত্ৰ ছাত্ৰীসকলে।

সমান্তৰালকৈ ব্যস্ত মৃন্ময় মূৰ্তিৰ শিল্পীসকলো,সৰস্বতী পূজাৰ বাবে মা সৰস্বতীৰ মূৰ্তি নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰে প্ৰতিজন মৃৎ শিল্পী। সৰস্বতী প্ৰতিমা সজোৱাত ব্যস্ত এতিয়া প্ৰতিজন প্ৰতিমাৰ খনিকৰ। দিন-ৰাতি একাকাৰ কৰি তেওঁলোকে দেৱীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। মৃণ্ময় মূৰ্তিক প্রাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *