Share and Enjoy !

Shares

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা।বিদ্যা,জ্ঞান আৰু শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বন্দনাৰে আজি মুখৰিত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰিৱেশ(Saraswati Puja 2026)।

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত হিন্দু ধৰ্মাৱলম্বী লোকসকলে পালন কৰে সৰস্বতী পূজা।আজিৰ দিনটোত শিক্ষা্ৰ্থীসকলে জ্ঞান দেৱী, বীণাপানীক পূজা-অৰ্চনা কৰে। দেৱীক পূজা নকৰালৈকে শিক্ষাৰ্থীসকলে উপবাসে থাকে।দেৱীক পূজা-অৰ্চনা কৰিহে মাহ-প্ৰসাদ গ্ৰহণ কৰে সকলোৱে।

হিন্দুধৰ্মী লোকসকলৰ বিশ্বাস অনুসৰি, দেৱ-দেৱীৰ পূজা অৰ্চনা কৰিলে দেৱ-দেৱী প্ৰসন্ন হৈ ভক্তক আশীৰ্বাদ কৰে। সেয়েহে সৰস্বতী দেৱীৰ পূজা-অৰ্চনা কৰি সকলোৱে মনৰ বাঞ্ছা পূৰণৰ বাবে দেৱীৰ সন্মুখত প্ৰাৰ্থনা জনায়।

বিশেষকৈ শিক্ষানুষ্ঠানসমূহত পালন কৰা হয় সৰস্বতী পূজা। শিক্ষানুষ্ঠান সমূহত এই পূজা অতি উলহ মালহেৰে পালন কৰা হয় । শিক্ষানুষ্ঠানসমূহত বিভিন্ন নাম-প্ৰসংগ অথবা ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচী ৰূপায়ণ কৰি শেষত সকলোয়ে পুনৰ দেৱীৰ শ্ৰীচৰণ স্পৰ্শ কৰি আশীৰ্বাদ লয় আৰু বিভিন্ন খাদ্য সম্ভাৰ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *