বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। তিনিদিনীয়াকৈ আৰম্ভ হ’ল জাগীৰোডৰ ইতিহাস প্ৰসিদ্ধ তথা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ মেলা গোভা দেওৰজাৰ জোনবিল মেলা৷বৃহস্পতিবাৰে পুৱাই গোভা দেওৰজা চাৰিভাই দেওশাল শিৱ মন্দিৰত মাঙ্গলিক পূজা-অৰ্চনাৰ পিছতে শুভাৰম্ভ হয় মেলাৰ ৷
ৰজাৰ বা-বিষয়াই পূজা-অৰ্চনা কৰে দেওশাল শিৱ মন্দিৰত(Jonbeel Mela 2026)৷ ইয়াৰ পাছতে মেলাথলীত অনুষ্ঠিত হয় নিৰ্ধাৰিত কাৰ্যসূচী সমূহ ৷ আধুনিক মুদ্ৰাক অচল কৰি বিশ্বৰ বুকুৰ পৰা হেৰাই যোৱা বিনিময় প্ৰথাৰে উজলি উঠিব জোনবিলৰ পাৰ ৷
এই ঐতিহাসিক জোনবিল মেলাৰ আজি দ্বিতীয়টো দিন।পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে ভৈয়ামত কৰিছে সামগ্ৰীৰ আদান-প্ৰদান ৷ বিনিময় প্ৰথাত অংশ লবলৈ জোনবিলৰ পাৰত একত্ৰিত হ’ল পাহাৰ-ভৈয়ামৰ হাজাৰ হাজাৰ লোক ৷
তিনিদিনীয়া এই মেলাৰ দ্বিতীয় দিনা পুৱাৰ পৰাই আৰম্ভ হয় পাহাৰ-ভৈয়ামৰ বিনিময়ৰ হাট।পুৱাৰে পৰা জোনবিলৰ পাৰ লোকে-লোকাৰণ্য হৈ পৰিছে। সকলোৱে ঐতিহাসিকভাৱে চলি অহা বিনিময় প্ৰথা পালন কৰিবলৈ উৎসাহিত হোৱা দেখিবলৈ পোৱা গৈছে।
এক প্ৰকাৰে বিনিময় বজাৰেৰে জোনবিলৰ পাৰ জিলিকি উঠিছে। পাহাৰৰ মামা-মামীসকলৰ আলু কচুৰ সৈতে ভৈয়ামৰ মামা-মামীসকলৰ পিঠা, লাৰু, জলপানৰ আদান-প্ৰদান আৰম্ভ হৈছে ইতিমধ্যে। আধুনিক যুগৰ এই সময়তো বিনিময় প্ৰথা পৰম্পৰাগতভাৱে বৰ্তাই ৰখাৰ চেষ্টা কৰিছে জোনবিলৰ পাৰত উপস্থিত পাহাৰ–ভৈয়ামৰ মামা–মামীসকলে।