অৱশেষত গ্ৰেপ্তাৰ হ’ল ১০৮ এম্বুলেঞ্চৰ চালক ৰেকিবুদ্দিন আহমেদ। ৰঙিয়াত আত্মসমৰ্পণৰ পিছতে আজি গ্ৰেপ্তাৰ হ’ল ৰেকিবুদ্দিন আহমেদ।
আজি CJM আদালতত হাজিৰ কৰোৱা হয় চালক ৰেকিবুদ্দিনক। আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰা নাই চালক ৰেকিবুদ্দিনক।
জানিব পৰা অনুসৰি আজি আদালতে জে’ললৈ প্ৰেৰণ কৰে চালক ৰেকিবুদ্দিনক। লুনা ভৰদ্বাজৰ মৃত্যুৰ পিছতেই পৰিয়ালে দাখিল কৰিছিল এজাহাৰ।
দুৰ্ঘটনাত আহত অচ্যুত আৰু শম্ভূৰ পৰিয়ালেও দাখিল কৰিছিল এজাহাৰ। FIRৰ ভিত্তিত দিছপুৰ যানবাহন আৰক্ষীয়ে সন্নিবিষ্ট কৰিছিল BNSৰ ১০৫ ধাৰা। অনিচ্ছাকৃত হত্যাকাণ্ডৰ ধাৰাৰ অধীনত আদালতত হাজিৰ কৰোৱা ৰেকিবুদ্দিনক।