গণৰাজ্য দিৱসৰ আনন্দ-উল্লাসৰ মাজতে মাজুলীত কৰুণ ঘটনা। মাজুলীত দুষ্কৃতিকাৰীয়ে নিধন কৰিলে অৰ্ধশতাধিক পৰিভ্ৰমী পক্ষী ।
মাজুলীৰ কমাৰগাঁৱৰ পথাৰত উদ্ধাৰ মৃত পক্ষী ৷ দুষ্কৃতিকাৰীয়ে বিহ দি নিধন কৰিবলৈ চেষ্টা কৰা ৮ টা পক্ষী বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ ইফালে বন্যপক্ষী নিধনৰ পাছতে তৎপৰ হৈছে বন বিভাগ আৰু আৰক্ষী ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে চুমৈমাৰি অঞ্চলৰ পৰা ১৭ জনকৈ ব্যক্তিক আটক কৰিছে মাজুলী আৰক্ষীয়ে । ইয়াৰে ১৩ জন পুৰুষ আৰু ৪ গৰাকী মহিলা ।আটকাধীন লোককেইজনক সোধা-পোছাৰ বাবে বনগাঁও আৰক্ষী চকীত ৰখা হৈছে ।
আনহাতে, অৰ্ধশতাধিক পক্ষীৰ মৃত্যু হোৱাৰ লগতে একাধিক পক্ষীক ছটফটাই থকা অৱস্থাত উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে ৰতনপুৰ পশু চিকিৎসালয়লৈ ।ইফালে বন বিভাগৰ তৰফৰ পৰা জনোৱা মতে, তেওঁলোকৰ ফালৰ পৰা পহৰা দি থকা হৈছে । তাৰ মাজতে এনেদৰে বিহ দি পক্ষী নিধন কৰিছে ।
ঘটনা সন্দৰ্ভত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজশ্ৰী ধন্দীয়াই কয়, “এইটো অতি দুৰ্ভাগ্যজনক কথা । শীতৰ এই সময়ছোৱাত মাজুলীলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে । ইয়াৰ মাজতে দুৰ্ভাগ্যৰ কথা কোনো দুষ্কৃতিকাৰীয়ে এই পক্ষীসমূহ নিধন কৰাৰ খবৰ লাভ কৰিছিলোঁ আৰু এই গোটেই বিষয়টোৰ ওপৰত আৰক্ষী আৰু বন বিভাগৰ ফালৰ পৰা চোকা দৃষ্টি দিয়া হৈছিল ।”মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, “ইয়াৰ মাজতে যোৱাৰাতি কোনো দুষ্কৃতিকাৰীয়ে পথাৰত বিহ দি গ’ল আৰু এই বিহ খাই বহুকেইটা চৰাইৰ মৃত্যু হোৱাৰ লগতে বহুকেইটা চৰাই মৃতপ্ৰায় অৱস্থাত উদ্ধাৰ হয় । যি ঠাইত এই চৰাইসমূহ উদ্ধাৰ হৈছিল তাত এখন বিল আছিল আৰু সেই বিলত মাছ ধৰে ।”