Share and Enjoy !

Shares

পুনৰ বহিঃৰাজ্যত কৰুণ মৃত্যু অসমৰ যুৱকৰ।কামৰ সন্ধামত বহিঃৰাজ্যলৈ যোৱা ৪জনকৈ যুৱকৰ কৰুণ মৃত্যু।

প্ৰাথমিক তথ্য অনুসৰি, লখিমপুৰ জিলাৰ ঢকুৱাখনা সমজিলাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত উজনি বৰ্ষামুখ গাঁওৰ ৪গৰাকী নিবনুৱা যুৱক কামৰ সন্ধানত বাংগালুৰুলৈ গৈছিল।তেওঁলোক কোম্পানীত শ্ৰমিক হিচাপে নিযুক্ত হৈ বাংগালুৰুত এটা ভাড়াতিয়া কোঠাত একেলগে বসবাস কৰিছিল চাৰিও। বৃহস্পতিবাৰে নিশা সেই কোঠাটোৰ ভিতৰতেই ৰহস্যজনকভাৱে চাৰিওগৰাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত যুৱক কেইজনৰ ক্ৰমে ঢকুৱাখনাৰ নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ, ডেক্তৰ টাইদ আৰু শালমাৰাৰ জয়ন্ত চিন্তে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত নৰেন্দ্ৰ টাইদ, ধনঞ্জয় টাইদ আৰু ডেক্তৰ টাইদ উজনি বৰ্ষামুখ গাঁওৰ নিবাসী হোৱাৰ বিপৰীতে জয়ন্ত চিন্তে শালমাৰা গাঁওৰ বাসিন্দা।

বৰ্তমানলৈ ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *