Share and Enjoy !

Shares

বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃনাল শইকীয়াৰ বাসগৃহত চোৰৰ চাফাই অভিযান ৷ দিন দুপৰতে চোৰে চলালে চাফাই অভিযান।

জানিব পৰা মতে,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মৃনাল শইকীয়াৰ বালিপৰাৰ বালিগাঁৱৰ নিজা আৱাসগৃহত কোনো নথকাৰ সুযোগ লৈ চোৰে তলা ভাঙি প্ৰায় ১০ তোলা সোণৰ অলংকাৰ লৈ যায়।

মৃণাল শকীয়াই বিশেষ কামৰ বাবে শুকুৰবাৰে সপৰিয়ালে তেজপুৰলৈ গৈছিল। সন্ধিয়া ঘৰলৈ উভতি আহি ঘৰৰ দুৱাৰৰ তলা ভঙা দেখি হতবাক হৈ পৰে। পাছত ঘৰৰ ভিতৰত সোমাই দেখে যে গডৰেজৰ লকাৰ ভাঙি প্ৰায় ১০ তোলা সোণৰ আ-অলংকাৰ চোৰে লৈ উধাও হয়।

ঘটনা সন্দৰ্ভত শইকীয়াই চাৰিদুৱাৰ আৰক্ষী থানাৰ এজাহাৰ দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *