শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গোলাঘাট জিলাৰ মেৰাপানীৰ গান্ধীৰাম লইং সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰ সংঘৰ গোলাঘাট জিলাৰ ৭৩ সংখ্যক জিলা অধিৱেশন।
এই অধিৱেশনখনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলাখনৰ ১৫ খন আঞ্চলিক শাখাৰ দহ সহস্ৰাধিক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰিব। দৈয়াং আঞ্চলিক শাখা সমিতিৰ উদ্যোগত ৫৫ খন প্ৰাথমিক শাখাৰ পাঁচ শতাধিক আই-ভকতে বিভিন্ন প্ৰান্তৰ অতিথি সকলক শুশ্ৰুষাৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে।
একেলগে ১২ টা চৌকাত প্ৰায় ৩০০ লোকে ভোজন কৰিব পৰা ব্যৱস্থা কৰাৰ লগতে অধিৱেশনস্থলীত নিৰ্মাণ কৰা হৈছে জুবিন ক্ষেত্ৰ, ধৰ্ম ধ্বজ্জা উত্তোলনস্থলী, প্ৰতিনিধি শিৱিৰ ইত্যাদি। অভ্যৰ্থনা সমিতিৰ ৭৩ গৰাকী মহিলাই দিহানাম পৰিৱেশবেশন কৰাৰ লগতে আজি তিনিখনকৈ ধৰ্মীয় গ্ৰন্থ উন্মোচন কৰা হয়।