অজ্ঞান ,অন্ধকাৰৰ চাকনৈয়াৰ পৰা অসমীয়া জাতি সত্তাক উদ্ধাৰ কৰি জাতিটোক জগত সভাত প্ৰতিষ্ঠা কৰা যুগ নায়ক গৰাকীয়ে হৈছে জগৎ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ।
এইজনা বিৰল গুণৰ অধিকাৰী পুৰুষক মহাপুৰুষৰ শাৰীত অৱস্থান কৰোৱা লোকজনেই হৈছে মহাবীৰ চিলাৰায়।দুয়োজন ক্ষণ জন্মা পুৰুষৰ জীৱন প্ৰণালী ,আদৰ্শ আৰু দৰ্শন পৃথক আছিল।এজন আছিল যোদ্ধা আৰু আনজন আছিল আধ্যাত্মিক আৰু সাংস্কৃতিক চিন্তা চেতনাৰে সমাজক একত্ৰিত কৰা লোক ।কিন্তু এনে বিপৰীত মেৰুত অৱস্থান কৰা দুয়োগৰাকী পুৰুষে কিন্তু নৱ বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবঢ়াই যোৱা অৱদান সদায়ে চিৰ নতুন আৰু চিৰ উজ্জল হৈ থাকিব ।
বীৰ চিলাৰায়ৰ মহানুভৱতাৰ বাবেই নৱ বৈষ্ণৱ ধৰ্মই সৰ্বাত্মক ৰূপ পাইছিল ।বিভিন্ন সামাজিক কাৰণ আৰু ঠেক মানসিকতাৰ কাৰণে গুৰু জনাই অসম এৰি সেই সময়ৰ কোচ ৰজাৰ অধীনৰ পাটবাউসীত আশ্ৰয় ল’ব লগা হৈছিল।
এক তথ্য মতে শুক্লধ্বজৰ গুণগৰিমাত আপ্লুত হৈ আৰু আন এক তথ্য মতে ৰাম ৰায়ৰ কন্যা কমলাপ্ৰিয়ৰ চিলাৰায়ৰ সৈতে হোৱা বিবাহৰ সূত্ৰে শংকৰদেৱে কোচ ৰাজ্যত তেওঁৰ নিৰাপত্তা সুনিশ্চিত বুলি পতিয়ন গৈ কোচ ৰাজ্যত থাকিবলৈ লৈছিল ।সেই গৰাকী কমলাপ্ৰিয়াৰ সুললিত কণ্ঠত শংকৰদেৱৰ বৰগীত শুনি চিলাৰায় শংকৰদেৱৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ ওচৰত শৰণ লয় চিলাৰায়ৰ পৃষ্ঠপোষকতাতেই পাটবাউসীত গুৰু জনাই কীৰ্তন ঘোষা ,উত্তৰাকাণ্ড ৰামায়ন ,কেলী গোপাল ,ভাগৱতৰ একাদশ ,দ্বিতীয় দশম স্কন্ধ আৰু ৰাম বিজয় নাট আৰু জন্ম ৰহস্য ৰচনা কৰিছিল ।
এনেদৰে চিলাৰায়ৰ বদান্যতাত শংকৰদেৱৰ জ্ঞান আৰু প্ৰতিভা সৰ্বস্তৰত আৰু সৰ্বদিশে বিয়পি পৰাত এক শৰণ নাম ধৰ্ম বিৰোধী লোক সকলে শংকৰদেৱৰ বিৰুদ্ধে নানা মনে সজা অভিযোগ ৰচনা কৰি ৰজা নৰনাৰায়ণৰ ওচৰত দাখিল কৰি ৰজাক বিপথে পৰিচালিত কৰে ।ৰজাই এনে অভিযোগ পোৱাত খঙত অগ্নিশৰ্মা হৈ পৰে ।
ৰজাই গুৰু জনাক ধৰি আনিবলৈ সেনাপতি চিলাৰায়ক আদেশ দিয়ে ।কিন্তু চিলাৰায়ে ৰজাৰ এই আদেশক সমৰ্থন নকৰি ৰজাৰ মৰমৰ ঘোঁৰা আৰু বিশ্বাসী তামূলীক ৰজাৰ ওচৰত থৈ,শংকৰদেৱক নিৰ্ভয় প্ৰদান কৰি চিলাৰায় থকা লৈকে শঙ্কৰদেৱৰ কোনো ভয়ৰ কাৰণ নাই বুলি কৈ গুৰু জনাক ৰাজ প্ৰসাদলৈ পঠিয়াই দিয়ে ।
ৰজা নৰনাৰায়ণৰ ৰাজ সভাত শঙ্কৰদেৱে তেওঁৰ মধুৰ কণ্ঠেৰে,’ মধু দানৱ , দাৰন দেৱ ,বৰং বৰ বৰি জ লোচনো চক্ৰ ধৰাঙ ‘ বৰগীতটো গাই ৰাজ প্ৰসাদ কঁপাই তোলে আৰু ৰজা নৰনাৰায়ণ স্তব্ধ আৰু অভিভূত হৈ পৰে ।ৰজাই শঙ্কৰদেৱ যে এগৰাকী ঐশ্বৰিক শক্তি সম্পন্ন ব্যক্তি তাক বুজি পায় আৰু ৰজাৰ সমস্ত খং ,ৰাগ পলকতে নাইকিয়া হয়।গুৰু জনাৰ এনে অভূত পূৰ্ব আৰু অপাৰ শক্তিৰ প্ৰতি ঈৰ্ষান্বিত হৈ ৰাজ কবি আৰু অন্য পণ্ডিত সকলে ৰজাক গুৰু জনাৰ বিৰুদ্ধে পুনৰ কেত বোৰ অভিযোগ দিয়ে ।তেতিয়া ৰজাই শঙ্কৰদেৱক এদিনতে ভাগৱতৰ সাৰমৰ্ম বুজাব পাৰিবনে বুলি সোধাত পাৰিব বুলি কৈ শঙ্কৰদেৱে এটা ৰাতিৰ ভিতৰতে ভাগৱতৰ সাৰমৰ্ম খিনি ‘গুণমালা’শীৰ্ষক পুথিত সন্নিৱিষ্ট কৰি ৰজাক দি ভাগৱতৰ সাৰমৰ্ম বুজাই দিয়ে ।
শংকৰদেৱৰ এনে বহুমুখী আৰু বিৰল প্ৰতিভাত আপ্লুত হৈ ইতিমধ্যে ৰজাই প্ৰদান কৰা ব্ৰহ্মত্তৰ ভূমিত বাস কৰিবলৈ লোৱা শঙ্কৰদেৱৰ ওচৰত শৰণ লবলৈ ৰজাই বহুবাৰ চেষ্টা কৰে যদিও সেই চেষ্টা বিফল হয়। কাৰণ ৰজা এজনে ৰাজ ধৰ্ম পালন কৰোঁতে ‘এক শৰণ নাম ধৰ্মৰ’ ৰীতি নীতি পালন কৰাটো সম্ভৱ নহব বুলি গুৰু জনাই বিশ্বাস কৰিছিল ।কিন্তু গুৰু জনাই চিলাৰায় আৰু তেওঁৰ সমূহ পত্নীক শৰণ দিছিল ।
শংকৰদেৱে ৰজা নৰনাৰায়ণক শৰণ নিদিলেও কিন্তু ৰজাই গুৰু জনাৰ এক শৰণ নাম ধৰ্মৰ সকলো ৰীতি নীতিক সন্মান আৰু পালন কৰিছিল এক মাত্ৰ চিলাৰায়ৰ পৃষ্ঠপোষকতাৰ বাবে ।সেই গৰাকী বীৰ চিলাৰায়ে শঙ্কৰদেৱক সৰ্ব দিশতে সহায়ৰ হাত আগবঢ়াই যদি জীৱনৰ নিৰাপত্তা প্ৰদান নকৰিলেহেঁতেন আজিৰ অসম খন আমি নেপালোহেতেন
চিলাৰায়ৰ এনে বদান্যতাৰ বাবে আজি অসমীয়া জাতিয়ে বিশ্বক পথ দেখুৱাব পাৰিছে । বীৰ চিলাৰায়ৰ ১ ফেব্ৰুৱাৰী ৫১৬ তম্ জন্ম জয়ন্তীৰ শুভ মূহুৰ্তত বীৰ গৰাকীলৈ জনাইছো আমাৰ সশ্ৰদ্ধ প্ৰণিপাত ।