Share and Enjoy !

Shares

নিশা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ নয়নপুৰত পৰকীয়া প্ৰেমক লৈ উত্তপ্ত পৰিস্থিতি।

পত্নীয়ে স্বামীক হাতে-লোটে ধৰিলে প্ৰেমিকাৰ কোঠাত।

পত্নীসহ দুই সন্তানক পাহৰি নলবাৰীৰ আৰিকুছিৰ চম্পক বৈশ্যই পৰকীয়া প্ৰেমত খাইছে হাবু-ডুবু।

দীৰ্ঘদিন ধৰি পত্নীক কৰি আহিছিল শাৰীৰিক-মানসিক নিৰ্যাতন।

অৱশেষত পত্নী ববিতা বৈশ্যই লম্পট চৰিত্ৰৰ স্বামীক হাতে-লোটে ধৰিলে প্ৰেমিকাৰ সৈতে।

প্ৰেমিকা অনু হীৰায়ো হৈছে দুই সন্তানৰ মাতৃ।

পূৰ্বৰ স্বামীৰ সৈতে সম্পৰ্ক ত্যাগ কৰি থাকে গৌৰীপুৰ নয়নপুৰত ভাড়াতীয়া হিচাপে।

বিগত তিনি বছৰে অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহা চম্পক বৈশ্যই ধৰা পৰাৰ ভয়ত সলাই লৈছিল নিজৰ পৰিচয়।

মিণ্টু বৈশ্য বুলি পৰিচয় দিছিল প্ৰেমিকাৰ ভাড়াতীয়া কেম্পাছত।

আনকি এটা প’ৰ্টেল চেনেলৰ সাংবাদিক বুলি পৰিচয় দিছিল লম্পট চম্পক বৈশ্যই।

কিন্তু কালি দিন বেয়া আছিল বপুৰাৰ।

পত্নীৰ অভিযোগৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে স্বামী আৰু তেওঁৰ প্ৰেমিকাক।

উত্তৰ গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *