Share and Enjoy !

Shares

আজিৰে পৰা মুকলি বটদ্ৰৱাৰ আবিৰ্ভাৱ ক্ষেত্ৰ। এই মাঘী পূৰ্ণিমাৰ পবিত্ৰ দিনটোতে দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে মুকলি কৰা হয় শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ। প্ৰথম দিনটোতে আবিৰ্ভাৱ ক্ষেত্ৰখনত যথেষ্ট সংখ্যক দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে,শনিবাৰে এক জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা ঘোষণা কৰিছিল।

লগতে প্ৰতিগৰাকী ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীয়ে যাতে ধৰ্মীয় পৰিৱেশৰ গাম্ভীৰ্য ৰক্ষা কৰি সম্পূৰ্ণ শৃংখলাবদ্ধভাৱে দৰ্শন কৰাৰ লগতে সমগ্ৰ ক্ষেত্ৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অটুট ৰাখে, তাৰ বাবে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই বিনম্ৰ অনুৰোধ জনাইছে। আয়ুক্ত গৰাকীয়ে বিশেষভাৱে অনুৰোধ জনাইছে যে কোনো দৰ্শনাৰ্থীয়ে যেন এই পবিত্ৰ স্থানৰ মৰ্যাদা লাঘৱ হোৱাকৈ অশোভনীয় পোচাক পৰিধান কৰি এই ক্ষেত্ৰৰ ভিতৰত কোনো ধৰণৰ সংগীত ভিডিঅ’অথবা ৰীলছ আদি প্ৰস্তুত নকৰে।

জাননীযোগে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উল্লেখ কৰে যে, সকলো ধৰণৰ বাহনৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ। কোনো ধৰণৰ খাদ্য সামগ্রী নিয়াৰ অনুমতি নাথাকিব। ধূমপান, মাদক দ্রব্য, তামোল পান,পান মচলা, গুটখা আদি ব্যৱহাৰত সম্পূৰ্ণৰূপে বাধা আৰোপ কৰা হৈছে। লগতে দর্শনার্থীসকলে নিজৰ সামগ্ৰী নিজৰ দায়িত্বত ৰাখিব লাগিব। দৰ্শনাৰ্থীৰ সামগ্ৰী হেৰালে কর্তৃপক্ষ দায়ী নহ’ব। দর্শনার্থীসকলে নিয়ম শৃংখলা বৰ্তাই ৰাখি নিৰ্দিষ্ট কৰা প্ৰৱেশদ্বাৰেদি শাৰী পাতি প্ৰৱেশ কৰিব লাগিব। নিৰাপত্তাৰক্ষীৰ প্রতি সম্পূর্ণ সহযোগিতা আগবঢ়াবলৈ দর্শনার্থীসকলক অনুৰোধ জনোৱা হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *