Share and Enjoy !

Shares

ধুবুৰীত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে জিলা আয়ুক্ত নৱদ্বীপ পাঠকৰ অভিযান আৰম্ভ। ধুবুৰী গৌৰীপুৰ সংযোগী ডি কে ৰোডৰ কাষৰ বৃহৎ পৰিমাণৰ মাটি একাংশই বেদখল কৰি নির্মাণ কাৰ্য চলাই থকাৰ অভিযোগ। অভিযোগৰ ভিত্তিত জিলা আয়ুক্ত নৱদ্বীপ পাঠকে ধুবুৰী আৰু গৌৰীপুৰ ৰাজহ চক্ৰ বিষয়াসহ আন বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীক লগত লৈ আজি অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। জিলা আয়ুক্তৰ পিছে পিছে হাতে হাতে চৰকাৰী ফাইল, মানচিত্ৰ সহ নথিপত্ৰ লৈ ক্ষেত্ৰভিত্তিক তদন্ত চলোৱা পৰিলক্ষিত হয়। এই ক্ষেত্ৰভিত্তিক তদন্তৰ অন্তত পথৰ কাষৰ বেদখলী মাটিত চৰকাৰী বেনাৰ আঁৰি দিয়ে ধুবুৰী জিলা প্ৰশাসনে।

উঊল্লেখ্য যে, একাংশই এয়া গদাধৰ নৈ বুলি চলোৱা প্ৰচাৰ সম্পৰ্কে ৰাজহ চক্ৰ বিষয়াই স্পষ্ট কৰি কয় যে- এই স্থানত গদাধৰ নৈ বুলি কোনো চৰকাৰী তথ্যত উল্লেখ নাই। অৰ্থাৎ এয়া গদাধৰ নৈ নহয়। কিন্তু চৰকাৰী মাটিৰ বেদখল উচ্ছেদ কৰা হ’ব বুলি উল্লেখ কৰে চক্ৰ বিষয়াই। অৱশ্যে পৰৱৰ্তী সময়ত জিলা আয়ুক্তসহ চক্ৰ বিষয়াই কি বেদখল উচ্ছেদৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়াই লক্ষণীয় হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *